Educational Contents- Elementary, Secondary, Higher Secondary, Graduation (SEBA, AHSEC, GU etc. )

Thursday, May 7, 2020

বোন্দাৰ বিলৈ




   নিশাৰ ভাগত নিগনি ওলাল

       কান্ধত জোলোঙা আঁৰি, 

    ভঁৰালৰ পৰা কিজানি এমুঠি

      খুদ-কণ গোটাব পাৰি। 

    বোন্দা আছিল ডুলিৰ আঁৰত 

    চিকাৰ ধৰিবলৈ, 

   আহাৰ বিচাৰি পিলিঙা নিগনি 

    তাতেই ওলাল গৈ। 

   সন্মুখতে দেখি নিশাৰ ভোজন 

    জিভা কৰে লৰ-ফৰ, 

  থাপ মাৰোঁতেই তৰা-নৰা ছিঙি 

   নিগনি মাৰিলে লৰ।  

  নিগনিক ধৰোঁ বুলি বোন্দাই 

  মাৰিলে দীঘল জাঁপ, 

  চূণৰ চৰুত পৰি বপুৰাই 

   সুঁৱৰিলে বাপ বাপ। 

https://youtu.be/4NRwco-E_ok


No comments:

Post a Comment