আমি ফুলনিৰ নানাৰঙী ফুল
মিলিজুলি থাকোঁ খেলি,
হাঁহি-ধেমালিৰে ভৰি ভৰি আছে
আমাৰ এই পঢ়াশালি ।
সাধু আৰু গান শুনি
নাচি নাচি লওঁ মজা,
হাতে-কামে কৰি শিকোঁ
নাই কিতাপৰ বোজা ।

No comments:
Post a Comment