পখিলাই পাখি মেলি
নাচে উৰি উৰি,
আধাফুলা কলিটিক
চায় ঘূৰি ঘূৰি।
একেলগে খেলোঁ বুলি
কলিটিক কলে,
ভাল পাই কলিটিয়ে
পাহি মেলি দিলে।
পাহি মেলি কলিটিয়ে
জক্ মক্ কৰে,
উলাহতে পখিলাৰ
মন ভৰি পৰে।
https://youtu.be/Jxnwrt-AOVQ
https://youtu.be/Jxnwrt-AOVQ

No comments:
Post a Comment